অতি শীঘ্ৰে স্বাক্ষৰিত হ’ব কাৰ্বি শান্তি চুক্তি , BTR স্বাক্ষৰকাৰীয়ে জনালে আদৰণি
অতি শীঘ্ৰে কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ শান্তি চুক্তিৰ স্বাক্ষৰ হ’ব । প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিকলৈ সমূহ পাহাৰৰ জনতাৰ সৈতে BTR চুক্তি স্বাক্ষৰকাৰীসকলে আদৰণি জনাইছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত তিনি জুনত নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত এই কথা সদৰি কৰিছিল ।
ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে হবলগীয়া শান্তি চুক্তিৰ প্ৰস্তুতি সম্পন্ন হৈছে ।
ভৈয়াম জনজাতি কল্যান মন্ত্ৰী ইউ জি ব্ৰহ্মই প্ৰস্তাৱিত শান্তি চুক্তিয়ে পাহাৰৰ ৰাইজৰ মাজলৈ এক দৃঢ় আৰু স্থায়ী শান্তি আনিব পাৰিব বুলি মত পোষণ কৰে ।
ইয়াৰ উপৰিও ভৈয়ামৰ দৰে পাহাৰৰ ৰাইজৰ বাবেও BTR চুক্তি স্বাক্ষৰ কৰা পূৰ্বৰ NDFB (P) ৰ অধ্যক্ষ লগতে বৰ্তমানৰ UPPLৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে কাৰ্বি ৰাইজক উপযুক্ত সন্মান এই শান্তি চুক্তিয়ে প্ৰদান কৰিব বুলি পোষকতা কৰে ।