যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব ৰাজকন্যা

0 9,778

ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মাননীয় মুখ্যমন্ত্ৰীৰ ৷ যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা ৷ জনালে ৰাজ্য চৰকাৰে৷

গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া সুৰাসক্ত যুৱতী ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিলে জামিন।যিটো ঘটনা বিশেষভাৱে চৰ্চালৈ আহিছে।কাৰ্ফিউ চলি থকা সময়ত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ৰাজকন্যা বৰুৱাই জামিন পোৱাক লৈ হৈছে সৰৱ চৰ্চা।অভিযোগ অনুসৰি দিছপুৰ থানাৰ গাফিলতিৰ বাবেই যুৱতীগৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হ’ল।

উল্লেখযোগ্য যে শুকুৰবাৰৰ নিশা প্ৰায় ১.৩০ বজাত পঞ্চতাৰকা হোটেলত পাৰ্টি কৰি ঘৰলৈ উভতাৰ পথত ৰাজকন্যা বৰুৱাই ৰুক্মিণী গাঁৱৰ সমীপত ৰাজপথত কৰ্মৰত হৈ থকা ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়ে।এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিঙি দুটুকুৰা হৈছিল।ইয়াৰে দুজনৰ অৱস্থা এতিয়াও অতি সংকটজনক।এই ঘটনাটো সংঘটিত কৰাৰ পাছত কোনো ধৰণৰ অনুতপ্ত নোহোৱা যুৱতীগৰাকীয়ে অৱশেষত জামিন লাভ কৰে।জামিন মঞ্জুৰ কৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

অভিযুক্ত ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ 279/338/294/353 ধাৰাৰ অধীনত 3613/2021 নম্বৰ গোচৰ ৰজু হৈছিল।অভিযুক্তৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা প্ৰাঞ্জল দত্ত আৰু প্ৰসন্নজ্যোতি শইকীয়াই।

Leave A Reply

Your email address will not be published.