SBI ৰ সতৰ্কবাণী

0 9,659

প্ৰতিদিনে অধিক সক্ৰিয় হৈ উঠিছে প্ৰৱঞ্চনাচক্ৰ। এইবাৰ গ্ৰাহকসকলক ভুৱা ফোনকল কৰি দুষ্ট চক্ৰই লুটি নিচে গ্ৰাহকৰ সাঁচতীয়া ধন । বহুতকে পুৰস্কাৰ প্ৰাপ্ত কৰাৰ বাবে আৰু KYC আপডেট কৰাৰ বাবে ভুৱা ফোনকল অহাৰ ঘটনাই গ্ৰাহকৰ মনত জগাই তুলিছে ভয় আৰু শংকা ।

সেইবাবে দেশৰ সৰ্ববৃহৎ বেংক SBI য়ে জাৰী কৰিছে গ্ৰাহকৰ বাবে সতৰ্কবাণী । লগতে সদৰি কৰিছে যে ষ্টেট বেংকৰ পৰা এতিয়ালৈকে গ্ৰাহকক KYC আপডেট কৰাৰ দৰে কোনো ফোনকল কৰা হোৱা নাই । বিভিন্ন মাধ্যমৰ জৰিয়তে গ্ৰাহকসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে SBI ৰ কতৃপক্ষই অনুৰোধ কৰিছে যে নেটৰ মাজেৰে প্ৰচাৰিত কোনো ভুৱা বাৰ্তাৰ দ্বাৰা যাতে কোনো বিপথে পৰিচালিত নহয়। শেহতীয়াকৈ SBI ৰ লগতে আন বেংকসমূহেও গ্ৰাহকসকললৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে ।

SBI য়ে উল্লেখ কৰিছে যে যদি ষ্টেট বেঙ্কৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰা হয়, আৰম্ভণিতে SBIBNK, SBIINB, SBIPSG, SBINO ইত্যাদি লিখা থাকিব । SBI য়ে গ্ৰাহকৰ হিতাৰ্থে (1800 11 2211)নম্বৰ মুকলি কৰি দিছে যাৰ জৰিয়তে কোনো সন্দেহজনক ফোনকল আহিলে গ্ৰাহকে SBI ক অৱগত কৰাব পাৰে ।

Leave A Reply

Your email address will not be published.