বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল

0 361

আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত ২০২৪ বৰ্ষৰ কেন্দ্রীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেট উপস্থাপন কৰে।

বাজেট দাখিল কৰি সীতাৰমণে উল্লেখ কৰে যে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ কৰা হ’ব। মহিলা, যুৱ প্রজন্ম আৰু গৰীৱ কল্যাণ হৈছে দেশৰ কল্যাণ মন্ত্ৰৰে দৰিদ্র লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা কয়।

বাজেট অধিৱেশনত ২৫ কোটি লোকক দৰিদ্রতাৰ পৰা উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰে। ৪ কোটি কৃষক প্রধানমন্ত্রী ফচল যোজনাৰ দ্বাৰা উপকৃত হৈছে। এইপৰ্যন্ত ১১.৮ কোটি কৃষকক চৰকাৰে সহায় কৰি আহিছে। স্কীল ইণ্ডিয়া মিছনৰ জৰিয়তে ১.৪ কোটি যুৱকক প্রশিক্ষণ দিয়া হৈছে। দেশত ৩৯০খন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও বাজেটত বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।

বাজেটত ৮০ কৌটি লোকক বিনামূলীয়াকৈ ৰেচন দিয়াৰ কথাও তেঁও উল্লেখ কৰিছে। দেশৰ অধিকাংশ লোকেই চৰকাৰী ঋণ লাভ কৰিছে । জি এচ টিৰ জৰিয়তে এক দেশ, এক বজাৰ, এক কৰ কৰা হৈছে।

ইয়াৰোপৰি ১০ বছৰত প্রত্যক্ষ কৰৰ পৰিমাণ ৩ গুণ বৃদ্ধি হৈছে । নতুন কৰ নীতিত ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাইৰ প্ৰস্তাৱ দিছে। অপৰিৱৰ্তিত আয়কৰ গাঁথনিৰ প্রস্তাৱ দিছে। প্রত্যক্ষ আৰু পৰোক্ষ কৰ গাঁথনি অপৰিৱৰ্তিত কৰ্পৰেট টেক্সৰ পৰিমাণ ২২ শতাংশলৈ হ্রাস কৰা হৈছে। দেশৰ ৭০ শতাংশ মহিলাই চৰকাৰী আৱাস লাভ কৰিছে ।

আন্তঃগাঁথনি খণ্ডত ১১ লাখ ১১ হাজাৰ ১১১ কোটি ব্যয় কৰা হ’ব । আন্তঃগাঁথনিত অতিৰিক্ত ১১ শতাংশ ব্যয় হ’ব । ৰাজ্যসমূহক ৭৫ হাজাৰ কোটি টকাৰ ঋণ প্রদান কৰা হ’ব ।

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫ বছৰত ২ কোটি নতুন চৰকাৰী ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ভাড়াঘৰ, বস্তি আৰু অননুমোদিত কলনীত বাস কৰা লোকসকলক তেওঁলোকৰ নিজৰ ঘৰ ক্ৰয় বা নিৰ্মাণ কৰাৰ বাবে এক আঁচনি ঘোষণা কৰিছে। দেশৰ ১ কোটি মহিলা ‘লাখপতি বাইদেউ’ আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব।

১ কোটি পৰিয়ালক সৌৰশক্তিৰ দ্বাৰা ৩০০ ইউনিটকৈ বিনামূলীয়া বিজুলী যোগান ধৰা হ’ব । ৮৩ লাখ আত্মসহায়ক গোটৰ দ্বাৰা উপকৃত হ’ব ৯ কোটি মহিলা। দেশত ৩ হাজাৰ নতুন আই টি আই স্থাপন কৰা হৈছে । ৭খন নতুন আই আই টি আৰু ৭খন আই আই এম ৰ কাম চলি থকাৰ কথা উল্লেখ কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে।

৯ৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰীৰ টিকাকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। দুগ্ধ উন্নয়নৰ ক্ষেত্রতো বিশেষ গুৰুত্ব প্রদান কৰিছে। নেন’ ইউৰিয়াৰ সফলতাৰ পিছত এইবাৰ নেন’ ডি অ’ পি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা বৃদ্ধি কৰা হ’ব। পৃথক মীন পালন বিভাগৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে পৰ্যটন কেন্দ্রসমূহৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

চৰকাৰে তীৰ্থস্থান সমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব। ইতিমধ্যেই লাক্ষাদ্বীপৰ উন্নয়নত অধিক গুৰুত্ব আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.