মানসৰ পিতৃলৈ ফোন পৰেশ বৰুৱাৰ

0 7,481

মানসৰ পিতৃ লৈ ফোন আলফা (স্বাধীন)ৰ মুৰব্বীৰ মানসৰ বৰগোহাঁইৰ একো নহয়’, পিতৃক নিশ্চিতি প্ৰদান আলফা (স্বাধীন)ৰ মুৰব্বীৰ……….

গুপ্তচৰ’ মানস বৰগোঁহাইৰ পিতৃলৈ ফোন আলফা (স্বাধীন)ৰ মুৰব্বীৰ । ‘মানস বৰগোহাঁইৰ একো নহয়’ পিতৃক নিশ্চিতি প্ৰদান আলফা (স্বাধীন)ৰ মুৰব্বীৰ। মানসৰ সবিশেষ ল’লে পিতৃ দেৱেন বৰগোহাঁইৰ পৰা।

উল্লেখ্য যে নিষিদ্ধ সংগঠন আলফা (স্বাধীন)ৰ চলমান কেম্পত বন্দী হোৱা ‘গুপ্তচৰ’ মানস বৰগোহাঁই। আলফা (স্বাধীন) বিৰুদ্ধে ‘গুপ্তচৰ’গিৰি কৰিবলৈ গৈ সংগঠনটোৰ হাতত বন্দী হোৱা মানসক জেৰা অব্যাহত ৰাখিছে আলফা (স্বাধীন)এ ৷ নিজকে আৰক্ষীৰ বিশেষ শাখাৰ এজন SI বুলি পৰিচয় দিছিল মানস বৰগোহাঁইয়ে। কিন্তু মানস বৰগোঁহাই অসম আৰক্ষীৰ SI নহয় আৰু আলফা (স্বাধীন)লৈ কোনো লোকক অসম আৰক্ষীয়ে প্ৰেৰণ কৰা নাই বুলি স্পষ্টীকৰণ দিছিল অসম আৰক্ষীয়ে।

বুধবাৰে নিউজ১৮r জৰিয়তে vedio বাৰ্তা প্ৰেৰণ কৰিছিল মানস, যত তেঁও আলফা (স্বাধীন) ৰ বিৰুদ্ধে বিস্ফুৰক মন্তব্য কৰিছিল। তেওঁ আলফা (স্বাধীন) ৰ মুৰব্বী পৰেশ বৰুৱা লৈ কেবাটাও প্ৰশ্ন কৰিছিল আৰু কৈছিল “এইটো মোৰ লাষ্ট ভিডিঅ’। পৰেশ বৰুৱাই লুকাভাকু খেলিছে ৷ মাইণ্ড গে’ম খেলিছে ৷ মোক আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে গণ-আক্ৰমণৰ বাবে ৰাইজক প্ৰৰোচিত কৰিছে ৷ এইক্ষেত্ৰত তেওঁ যোৱা দুদিনত ১০০% সফল হৈছে ৷ মোৰ ওপৰত অপবাদ জাপি দিয়া হৈছে ৷ মোক ইঞ্জিনিয়াৰ নহয় বুলি কোৱা হৈছে ৷ মোক বাৰে বাৰে SB, RAWৰ বিষয়া বুলি কৈ থকা হৈছে ৷ কিন্তু মই বাৰে বাৰে কৈছো যে মই কোনো SB বা RAWৰ বিষয়া নহয় ৷ মই কনছালটেন্ট ৷ মই চাকৰি কৰোঁ ৷ তাৰ লগতে মই ব্যৱসায় কৰি পৰিয়াল চলাবলৈ চেষ্টা কৰিছোঁ ৷

মানসে পৰেশ বৰুৱাক উভতি ধৰি প্ৰশ্ন কৰিছে— “পৰেশ বৰুৱা, মই কি অপৰাধ কৰিলো? মই জংঘললৈ গৈ হাতত অস্ত্ৰ ধৰাহেতেঁন আপুনি ভাল পালেহেঁতেন ৷ মই চাকৰি কৰি পৰিয়াল চলাবলৈ চেষ্টা কৰিছোঁ ৷ মই ক’তো বোমা ফুটাবলৈ যোৱা নাই ৷ মই ক’তো শিশু হত্যা কৰিবলৈ যোৱা নাই।

Leave A Reply

Your email address will not be published.