এদিনীয়া ক্ৰিকেটৰ পৰা বিদায় ল’লে বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বেটচ্মেন ডেভিড ৱাৰ্নাৰে,জনালে অৱসৰৰ কাৰণ

0 3,161

এদিনীয়া ক্ৰিকেটক বিদায় জনালে বেটছমেন ডেভিড ৱাৰ্নাৰে। কেৰিয়াৰৰ অন্তিম টেষ্ট মেচৰ পূৰ্বে এদিনীয়া ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনাৰ ডেভিড ৱাৰ্নাৰে। নৱবৰ্ষৰ প্ৰথম দিনাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বেটছমেনগৰাকীয়ে।

সংবাদেমেলযোগে ৱাৰ্নাৰে কয় যে, মই মোৰ পত্নী আৰু মোৰ ৩ সন্তানক সময় দিব বিচাৰো, সেয়ে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছো।’ ৱাৰ্নাৰে লগতে কয় যে, ‘পাকিস্তানত হ’ব লগা ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী (Champions Trophy)ত অষ্ট্ৰেলিয়া দলত মোৰ প্ৰয়োজন হ’ব পাৰে, তেতিয়া মই পুনৰ দেশৰ হৈ খেলিবলৈ উভতি আহিম।’

ৱাৰ্নাৰে কয়, ‘১৯ নৱেম্বৰত ভাৰতত অনুষ্ঠিত বিশ্বকাপ ফাইনেলৰ মেচখনে কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচ। ভাৰতৰ ভূমিত বিশ্বকাপত জয়ী কৰাটো মোৰ জীৱনৰ এক বৃহৎ উপলৱ্ধি। মই যদি সুন্দৰ ক্ৰিকেট খেলি থাকো আৰু অষ্ট্ৰেলিয়া দলক যদি মোৰ প্ৰয়োজন হয় তেতিয়া মই দলৰ হৈ চেম্পিয়নছ ট্ৰফী খেলিবলৈ সাজু থাকিম।’

Leave A Reply

Your email address will not be published.